নগাঁও

কি কাৰণে শ্ৰেণী কোঠাত চৰম পন্থা গ্ৰহণ কৰিলে প্ৰধান শিক্ষকে?

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যালয়ৰ শ্ৰেণীকোঠাত আত্মহনন শিক্ষকৰ ৷ শিক্ষকজনৰ নাম পাৰ্থ সাৰথি লস্কৰ ৷ শিক্ষকজনৰ ঘৰ ডিমৰুগুৰিত ৷

নগাঁও চৰকাৰী আৰবান হাইস্কুলৰ প্ৰধান শিক্ষক পাৰ্থ সাৰথি লস্কৰে শুকুৰবাৰে বিয়লি ভাগত বিদ্যালয়খনৰ প্ৰথম মহলাত আত্মহনন কৰে ৷ ঘটনাৰ এঘন্টামান পাছতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

আন দিনৰ দৰে আজি পুৱা বিদ্যালয়লৈ আহি প্ৰধান শিক্ষক পাৰ্থ সাৰথি লস্কৰে বিদ্যালয়ৰ কাম কাজত ব্যস্ত আছিল ৷ বিদ্যালয়ৰ এজন শিক্ষকৰ বিদায় সভাত বিয়লি প্ৰায় ২:৩০ বজালৈকে উপস্থিত আছিল ৷ পিছত বিদ্যালয়ৰ পৰা নোহোৱা হয় প্ৰধান শিক্ষক লস্কৰ ৷ ৪ মান বজাত আত্মহনন কৰাৰ ঘটনা পোহৰলৈ আহে শিক্ষকজনে ৷

অৱশ্যে কি কাৰণে প্ৰধান শিক্ষকগৰাকীয়ে এই চৰম পন্থা গ্ৰহণ কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।