নগাঁও

এক শৰণ ভাগৱতী সমাজৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱৰ জালুগুটিত অৱস্থিত এক শৰণ ভাগৱতী সমাজ, অসমৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু অষ্ট প্ৰহৰ পালনাম থানত এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় নেতৃবিন্দ আৰু এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য প্ৰয়াত ইলাৰাম দাসৰ পৰিয়াল বৰ্গৰ সৈতে কিছুসময় অতিবাহিত কৰি নগাঁও অভিমুখে ৰাওনা হয়। প্ৰয়াত ইলাৰাম দাসৰ পৰিয়াল বৰ্গ আৰু সমাজৰ ভকতসকলৰ সৈতে দেখা কৰিবলৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰথমে এক শৰণ ভাগৱতী সমাজৰ নামঘৰত সেৱা কৰি প্ৰতিষ্ঠাপক আচাৰ্যৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পণ কৰে ।

নামঘৰত বহি থকা প্ৰয়াত আচাৰ্য ইলাৰাম দাসৰ পত্নীক সেৱা কৰা মুখ্যমন্ত্ৰীক পৰিয়ালটোৰ তৰফৰ পৰা শৰাই, গামোচা, চেলেঙেৰে আদৰণি জনাই এখনি স্মাৰক পত্ৰও প্ৰদান কৰে। অনুষ্ঠানত এক চমু ভাষণ দি " ভক্তসকলৰ মাজতেই ভগৱানে বিৰাজ কৰে। "বুলি মন্তব্য কৰি পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি পৰিয়াল বৰ্গৰ আতিথ্য গ্ৰহণ কৰি নগাঁও অভিমুখে ৰাওনা হয়। মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে। মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে এক সৌভাগ্যৰ দিন বুলি অভিহিত কৰিলে এক শৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব ,তথা মুখ্যমন্ত্ৰীৰ একালৰ সহপাঠী বন্ধু জ্যোতি প্ৰসাদ দাসে ।