নগাঁও

চিত্ৰ-কলা সংস্কৃতিক আকৌ সাৰুৱা কৰি তুলিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰই : মুখ্যমন্ত্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও : দেওবাৰে 'প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ'ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কলঙৰ পাৰত অত্যাধুনিকভাৱে নিৰ্মিত কলাক্ষেত্ৰখন শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ নিৰ্মাণৰে জড়িত সকলোকে ধন্যবাদ জনাই কয় যে চিত্ৰ কলা সংস্কৃতিৰ ক্ষেত্ৰখনক আকৌ এবাৰ সাৰুৱা কৰি তুলিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰই ৷ শিল্পীজনৰ ঐতিহ্যৰ ধাৰাবাহিকতা নগাঁৱৰ ৰাইজে ধৰি ৰাখিব লাগিব ৷ এই গধুৰ দায়িত্ব আহি পৰিল ৷

প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাক এগৰাকী সফল শিল্পী আখ্যা দি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰুৱা আধুনিক মনৰ ব্যক্তি আছিল ৷ এককভাবে কলাত্মক পৰিবেশ এটি গঢ়ি তুলিবলৈ সক্ষম হৈছিল প্ৰণৱ বৰুৱা ৷

শিল্পী বিৰেন সিংহই নিৰ্মাণ কৰা প্ৰণৱ বৰুৱাৰ এটি প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে। লগতে শিল্পী চম্পক বৰবৰাক ''প্ৰণৱ বৰুৱা শিল্পী বঁটা'' প্ৰদান কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত শিল্পী যতীন দাস, শিল্পী জীতেন হাজৰিকা আদিৰ লগতে ৰাজ্যৰ কেবাগৰাকী শিল্পী পৰিয়ালৰ লোক আদি উপস্থিত থাকে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন কৰাৰ পূৰ্বে বেবেজীয়া পালনাম থানৰ প্ৰস্তাবিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱণৰ আধাৰ শিলা স্থাপন কৰে ৷ লগতে লক্ষীনগৰত এটি পথৰ আধাৰ শিলা স্থাপন কৰি আবৰ্ত ভৱনৰ সন্মুখৰ মুকলি মঞ্চৰ আধুনীকৰণ খাদ্য বিপনন মুকলি, ২৫ কোটি ৭৩ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'ব লগা নগাঁও আবৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷

নগাঁও এছ বি আইৰ পৰা নতুন বজাৰ চাৰিআলিলৈকে নিৰ্মান হ'ব লগা গৌৰব পথৰ আধাৰ শিলা স্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৪ কোটি ৫০ লাখ টকাৰে পুনৰ নিৰ্মান কৰা নগাঁও ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামটি মুকলি কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী নগাঁও নেহৰুবালিত আয়োজিত ৰাজহুৱা সভাত উপস্থিত হয় ৷