১৪ মাৰ্চত বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে... 
নগাঁও

১৪ মাৰ্চত বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অহা ১৪ মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হ'ব অসমবাসী। সেইদিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বাবে ঐতিহাসিক ক্ষণ হ'ব।

কাৰন সেইদিনাই গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল।

তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মান কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল'ব।

আজি এই বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত হৈ, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিদৰ্শন কৰে। উল্লেখ্য যে, ২০১৬ চনত বিজেপি চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল।