নগাঁও

নগাঁৱত হনুমান জন্মোৎসৱ সমাৰোহ......

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ দেশজুৰি সোমবাৰৰ পৰা আৰম্ভ হোৱা হনুমান জন্মোৎসৱ সমাৰোহৰ অংশস্বৰূপে নগাঁৱতো আৰম্ভ হৈছে হনুমান জন্মোৎসৱ সমাৰোহ উৎসৱটি ৷ সেই উপলক্ষে আজি নগাঁও চহৰৰ কলংপাৰ কৃষ্ণাশ্ৰম মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা হয় এক বৃহৎ কলহ শোভাযাত্ৰা ৷

শোভাযাত্ৰাত নগাঁৱৰ বহু সংখ্যক মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলা পুৰুষ যুৱক-যুৱতীয়ে হাতে-হাতে পানী ভৰ্তি কলহ লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ শোভাযাত্ৰাৰ অন্তত পঞ্চমুখী হনুমান মন্দিৰত সমাপ্ত হয়৷ শোভাযাত্ৰাত প্ৰায় ১০৮গৰাকী মহিলা যুৱতীয়ে পদব্ৰজে চহৰত উলিওৱা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷

ইয়াৰ লগত সংগতি ৰাখি ২৩এপ্ৰিল মংগলবাৰে পুৱা ৬ বজাৰ পৰা বিশেষ পূজা অৰ্চনা আৰু অখণ্ড জ্যোতিৰ আয়োজন কৰা হৈছে ৷ সন্ধিয়া ৪ বজাৰ পৰা দীপক জাজোদীয়াৰ দ্বাৰা সংগীত সহ হনুমান চালিতা পাঠ কৰোৱা হব ৷ ২৪ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা হৱন তথা সামৰনী অনুষ্ঠানৰ পাছতে সন্ধিয়া ৫ বজাৰ পৰা শ্ৰী শ্যাম পৰিবাৰৰ দ্বাৰা প্ৰসাদ বিতৰণ আৰু ৬ সন্ধিয়া বজাৰ পৰা বন্ধুবৰ পৰিষদৰ সদস্যৰ দ্বাৰা ভজন সন্ধ্যা পৰিৱেশিত হব বুলি উদ্যোগক্তা সমিতিয়ে জানিব দিছে ৷

আজিৰ এই কলহ শোভাযাত্ৰাত সমিতিৰ হৈ ৰমেশ কুমাৰ আগৱাল, সীতাৰাম আগৰৱাল, বি কে মংগোলীয়া, ওম প্ৰকাশ জাজদীয়া, বিনয় আগৱৰলা, অনুপ পোদ্দাৰ, দীপক জাজদীয়া, দীপক মংগোলীয়া, জজমান অনিল আগৰৱাল আদি উপস্থিত থাকে ৷