প্ৰচণ্ড ধুমুহাত বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ বিস্তৰ ক্ষতি...  
নগাঁও

প্ৰচণ্ড ধুমুহাত বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ বিস্তৰ ক্ষতি...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁওঃ আজি সন্ধ্যা অহা এজাক প্ৰচণ্ড ধুমুহাত বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ বিস্তৰ ক্ষতি সাধন হয়। জানিব পৰা মতে বিধ্বংসী ধুমুহাত নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়টোৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰে। ফলত বাহিনীটোৰ অধিনায়কৰ কাৰ্যালয় গৃহটোৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ নষ্ট হয়।

আনহাতে ধুমুহাৰ ফলত গুৱাহাটীৰ পৰা অহা সুজল বিশ্বাস নামৰ এগৰাকী হিচাপ পৰীক্ষক আহত হয়। ধুমুহা অহাৰ সময়ত হিচাপ পৰীক্ষকৰ দলে কাৰ্যালয়টোত হিচাপ পৰীক্ষা কৰি আছিল। আহত সুজল বিশ্বাসক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে,বাহিনীটোৱে আওপুৰণি গৃহটিকে বহু বছৰ ধৰি কাৰ্যালয় হিচাপে কাম চলাই আহিছিল। তদুপৰি ধুমুহাত বঢ়মপুৰৰ পথত গছ বাগৰি পৰাৰ ফলত বঢ়মপুৰ-বামুনী সংযোগী পথত যাতায়তৰ লগতে অঞ্চলটোত বিদ্যুতসেৱা ব্যাহত হৈ আছে।