ফ'ৰলেন সন্দৰ্ভত জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা... 
নগাঁও

ফ'ৰলেন সন্দৰ্ভত জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ জনস্বাৰ্থলৈ পিঠি দি একাংশ ক্ষমতাশালী ৰাজনৈতিক ব্যক্তিয়ে ব্যক্তিগত পূৰণৰ অভিসন্ধিৰে নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈকে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাবিত ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথটোৰ দিশ সলনি কৰাৰ চেষ্টা চলোৱাা দুষ্কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

স্থিতাৱস্থাৰ পৰিবৰ্তে চাহবাগিছা,কৃষিভূমি,জলাশয়,আৰ্দ্ৰভূমিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই কলিয়াবৰ তিনিআলিৰ পৰা বামুনি ,চিকনি চাহবাগিছা হৈ নুমলিগড়লৈকে একাংশ মন্ত্ৰী-বিধায়কে ক্ৰয় কৰা বিশাল কৃষিভূমিৰ সন্মুখেৰে এই ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ কৰি নিয়াৰ কুটিল অভিসন্ধিৰ বিষয়ে সম্প্ৰতি দল-সংগঠন নিৰ্বিশেষে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে।

চৰকাৰৰ এই জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে আজি মুকলি বিদ্ৰোহৰ প্ৰতিফলন ঘটে ৷ এই উপলক্ষে শনিবাৰে বিয়লি কলিয়াবৰ মহকুমাৰ জখলাবন্ধা চহৰৰ মাজমজিয়াত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা ৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই চৰকাৰী এই নেতিবাচক কাৰ্যকলাপত তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়- কলিয়াবৰ তিনি আলিৰ পৰা জখলাবন্ধাৰ মাজেৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হবৈ লাগিব। আগন্তুক পোন্ধৰ আগষ্ট হ'ব সময়সীমা। জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ব বুলি চৰকাৰে স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰক।

লগতে ছাত্ৰ নেতা জনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উপৰিও কেন্দ্ৰীয় পথ পৰিবহন বিভাগক তীক্ষ্ণ সমালোচনা কৰি ভাষণ প্ৰসঙ্গত তেওঁ কয় যদি চৰকাৰে কলিয়াবৰবাসী ৰাইজৰ কথা আওকাণ কৰি কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি নিয়াৰ পোষকতা কৰে তেন্তে কলিয়াবৰৰ জাতীয় সংগঠনসমূহে ৰাইজৰ সহযোগত পথ বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব।

তেওঁ আৰু কয় স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ উপস্থিতিত হাটবৰত অনুষ্ঠিত ৰাজহুৱা শুনানিত বিধায়ক কেশৱ মহন্তই ৰাইজৰ পক্ষত চৰকাৰৰ সিদ্ধান্ত অটল থাকিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত কিয় পথ পৰিবহন বিভাগে মুখ্যমন্ত্ৰীৰ মাটিৰ কাষেৰে চোৰৰ দৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে খুঁটি পুতিলে বুলিও প্ৰশ্ন কৰে।

তেওঁ লগতে কয় ৰাঙলু অঞ্চলৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, এনিমেল কৰিডৰৰ দোহাই দি বন্ধ কৰিলে যদিও চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়লৈ উঠা ডাঙৰ ডাঙৰ হোটেল, ৰেষ্টুৰাসমূহ এনিমেল কৰিডৰৰ ভিতৰত নপৰে কিয় বুলি প্ৰশ্ন কৰে? তেওঁ সেইসমূহ অট্টালিকা ভাঙিবলৈ চৰকাৰৰ সাহস হ'ব নে বুলিও প্ৰশ্ন উত্থাপন কৰে।

হাজৰিকাই লগতে জখলাবন্ধাৰ সমূহ ব্যৱসায়ীক এই আন্দোলনত চামিল হ'বলৈ আহ্বান জনায়।চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দাবী সমিতিৰ সভানেত্ৰী মিনু শ‌ইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত চাহ মজদূৰ সংঘৰ নগাঁৱৰ সভাপতি বিন্দু গঞ্জুয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় চৰকাৰে খাতিখোৱা চাহ শ্ৰমিক ৰাইজৰ ওপৰত মাধমাৰ সোধোৱাৰ চেষ্টা চলাইছে।

তেওঁ কয় যে যুগ যুগ ধৰি ইয়াৰ চিকনী চাহ বাগিচাত শ শ শ্ৰমিকে কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছে যদিও এতিয়া সেই চিকনী চাহ বাগিচাৰ মাজেৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নিয়াৰ পৰিকল্পনা কৰিছে। যদি চাহ বাগিচা উচ্ছেদ কৰি পথ নিৰ্মাণ কৰাৰ পোষকতা কৰে তেন্তে নগাঁও জিলাৰ ৪২ খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ৰাজ পথলৈ ওলাই আহি জংগী আন্দোলন কৰিব।

২৬ চনৰ নিৰ্বাচনত চাহ শ্ৰমিক ৰাইজে ইয়াৰ সঠিক উত্তৰ দিবলৈ বাধ্য থাকিব বুলিও চৰকাৰক চাহ শ্ৰমিক নেতাগৰাকীয়ে সকিয়াই দিয়ে। সভাত লেখনাথ শৰ্মাই কয় যে, চৰকাৰে কলিয়াবৰৰ ৰাইজক সকলো সময়তে ঠগ-প্ৰৱঞ্চনা কৰি আহিছে। ইতিহাস প্ৰসিদ্ধ কলিয়াবৰৰ অস্বিত্ব বিপন্ন হোৱাৰ সময়তে জন স্বাৰ্থৰ পিনে পিঠি দি বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মন্তই ৰাজইৰ পৰা বহু নিলগত অৱস্থান গ্ৰহন কৰাটো কলিয়াবৰবাসীৰ বাৱেই উদ্বেগজনক বিষয় বুলি সদৰী কৰি তেঁও কলিয়াবৰ তথা জখলাবন্ধাবাসীৰ অস্বিত্ব ৰক্ষাৰ সংগ্ৰামত সকলো পক্ষকে হাত উজান দিবলৈ আহ্বান জনায়।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনিত বিপুল হাজৰিকা, জীতেন গৌড়, নয়ন বৰা, চাৰু গোস্বামী আদিয়ে ভাষণ দি চৰকাৰক ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰ তিনি আলিৰ পৰা বাইপাচ নকৰি জখলাবন্ধাৰ মাজেৰে নিৰ্মাণ কৰিবলৈ ৰাজহুৱা দাবী উত্থাপন কৰে। কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক ৰাইজ অংশগ্ৰহণ কৰা সভাখনত কলিয়াবৰ ফ’ৰলেন দাবী সমিতিৰ অন্তৰ্গত জখলাবন্ধা এখন ব্যৱসায়ীক উপসমিতিও গঠন কৰা হয় ।