নগাঁও

বটদ্ৰৱাত আইডিয়েল ইংলিছ স্কুলৰ শুভ উদ্বোধন

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠিত ইংৰাজী মাধ্যমৰ শাখা আইডিয়েল ইংলিছ স্কুল উদ্বোধন কৰা হয়। মাংগলিক কাৰ্যসূচীৰ মাজেৰে প্ৰাক্তন শিক্ষামন্ত্ৰী গৌতম বৰাই ফিটা কাটি আইডিয়েল ইংলিছ স্কুলৰ শুভ উদ্বোধন কৰে। ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে।

অনুষ্ঠানটিৰ আঁত ধৰে ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক নুৰ জামাল আনচাৰিয়ে। উদ্বোধনী অনুষ্ঠানত কোৰান পাঠ,বিহুনাচ,সমবেত সংগীত আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানটিত নগাঁও চৰকাৰী বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষা তুলুমণি দেৱী,হোজাই জিলাৰ লংকা কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষ ড০ মুস্তাফিজুৰ ৰহমান, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াচিন আলী,নগাঁও হোমিওপেথিক কলেজৰ অধ্যক্ষ মাইনুল হক চৌধুৰীৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি,ছাত্ৰ-ছাত্ৰী,অভিভাৱক সহ বহু লোক উপস্থিত থাকে।