নগাঁও

অৰিয়ান্টেল ডেভলপমেন্ট ছ'চাইটি, হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত ইফতাৰ পাৰ্টী!

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাওঁ হয়বৰগাঁৱত আজি সন্ধিয়া ইফটাৰ পাৰ্টী অনুষ্ঠিত হয়। আড়ম্বৰপূৰ্ণ ইফতাৰ পাৰ্টীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰবক্তা মৌলানা আব্দুল বাতিন।

সন্মানীয় অতিথি হিচাপে ইফতাৰ পাৰ্টীত অংশগ্ৰহণ কৰে আলিটাঙণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুছ ছামাদ আৰু বিশিষ্ট সমাজ সেৱক আজিজুৰ ৰহমান খান। অনুষ্ঠানৰ আঁত ধৰে ডাঃ কামাল হাছান, দিব্যজ্যোতি বৰুৱা, চৰিফুজ্জামান, হুজ্জাতুল ইছলাম আৰু দুয়োটা অনুষ্ঠানৰ সদস্যসকলে।

হয়বৰগাঁও প্ৰেছ ক্লাব আৰু অৰিয়ান্টেল ডেভলপমেণ্ট ছ'চাইটিৰ যৌথ ইফতাৰ পাৰ্টীত বিশ্ব শান্তিৰ বাবে দোৱা কৰে হজৰত মৌলানা আব্দুল বাতিনে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ অন্তত আগন্তুক ঈদুল ফিতৰ উপলক্ষে অহা ৯ এপ্ৰিল তাৰিখে হয়বৰগাঁও অঞ্চলৰ পাঁচ শতাধিক দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণৰ সিদ্ধান্ত লোৱা হয়।