পুৰণিগুদামৰ জলাহত অবৈধ মদৰ ব্যৱসায়ঃ আৰক্ষীৰ নিৰৱ ভূমিকা... 
নগাঁও

পুৰণিগুদামৰ জলাহত অবৈধ মদৰ ব্যৱসায়ঃ আৰক্ষীৰ নিৰৱ ভূমিকা...

Asomiya Pratidin

ডিজিটেল সংবাদ পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষীৰ নাকৰ তলতেই এতিয়া চলিছে অবৈধ মদৰ ব্যৱসায়। পুৰণিগুদামৰ নিকটবৰ্তী জলাহগাৱঁৰ ইটাভাটাৰ সমীপতে থকা দোকানত প্ৰতিদিনে চলি আহিছে অবৈধ মদৰ ব্যৱসায়।

কিন্তু সকলো দেখি-শুনিও চকু মুদা কুলিৰ ভাও ধৰিছে পুৰণিগুদাম আৰক্ষীয়ে। এতিয়া সন্ধিয়া হ'লেই জলাহৰ ইটা ভাটা পৰিণত হয় মদৰ আড্ডাস্থলীলৈ।

পুৰণিগুদাম অঞ্চলৰ দুগৰাকীকৈ চৰকাৰী গাওঁ প্ৰধানৰ উপস্থিতিত মুকলিভাৱে চলাই আহিছে এই ব্যৱসায়। এই সম্পৰ্কে বাৰে বাৰে পুৰণিগুদাম আৰক্ষীক স্থানীয় ৰাইজে অৱগত কৰাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন কৰাৰ পৰিবৰ্তে একপ্ৰকাৰ অবৈধ মদৰ ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উত্থাপিত হৈছে।