নগাঁও

খেল মহাৰণ সন্দৰ্ভত কামপুৰত গুৰুত্বপূৰ্ণ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত খেল মহাৰণ সম্পৰ্কত এখন সভা অনুষ্ঠিত হৈ যায়। সভাখনত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভাখনত বঢ়মপুৰ সমষ্টিৰ ২৯ খন পঞ্চায়তত খেল মহাৰণ সাফল্য মণ্ডিত কৰিবৰ বাবে একোখনকৈ তদাৰক সমিতি গঠন কৰা হয়। এই তদাৰক সমিতিসমূহক নিজ নিজ এলেকাত প্ৰতিভাবান খেলুৱৈ সৃষ্টি কৰাৰ বাবে বিধায়ক গোস্বামীয়ে আহ্বান জনায়।

বিধায়কগৰাকীয়ে অহা ১৪ অক্টোবৰৰ ভিতৰত খেলুৱৈসকলৰ নাম পঞ্জীয়ন কৰোৱাৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াক আহ্বান জনায়। এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে খেলপথাৰ মেৰামতিকে ধৰি সকলো সহায় সহযোগ আগবঢ়াব বুলি উক্ত সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে।

খেল মহাৰণৰ প্ৰস্তুতি সভাখনৰ আগেয়ে বিধায়ক গোস্বামীয়ে বিধায়ক পুঁজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা কামপুৰ ক্ৰীড়া সন্থা খেলপথাৰৰ চৌহদৰ পকীবেৰৰ আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচী সমূহত বিধায়কগৰাকীৰ লগত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ,নগাঁও ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক প্লাৱন বৰুৱা,প্ৰশিক্ষক প্ৰভাত বৰা,ক্ৰীড়া সংগঠক হেম বৰা,জৰ্নাদন বৰা,শান্তুিৰাম বৰা আদি। অনুষ্ঠানটোৰ আঁত ধৰে কামপুৰ ক্ৰীড়া সন্থাৰ সভাপতি বাবুল বৰাই।