লংকাত প্ৰশাসনে ছীল কৰিলে দুখন দন্ত ক্লিনিক... 
নগাঁও

লংকাত প্ৰশাসনে ছীল কৰিলে দুখন দন্ত ক্লিনিক...

Asomiya Pratidin

ডিজিটেল সংবাদ লংকাঃ শুকুৰবাৰে লংকাত দুখনৈ অবৈধ দন্ত ক্লিনিক ছীল কৰিলে প্ৰশাসনে। জানিব পৰা মতে প্ৰয়োজনীয় নথি তথা অনুমতি অবিহনেই এই দুই দন্ত ক্লিনিক চলাই আছিল। দন্ত চিকিৎসাৰ বাবে প্ৰয়োজনীয় চৰকাৰী অনুমতি নাছিল এই দুয়োখন দন্ত ক্লিনিকৰ।

সেয়েহে আজি জিলা প্ৰশাসনে অভিযান চলাই এই দুই দন্ত ক্লিনিক ছীল কৰি কঠোৰস্থিতি গ্ৰহণ কৰে। এই দুয়োখন ক্লিনিক আছিল লংকাৰ ইছলামবস্তিত আৰু লংকা-নগাওঁ সংযোগী মূল পথৰ মা' লংকেশ্বৰী মন্দিৰৰ সন্মুখত।

উল্লেখ্য যে, জিলা জিলা স্বাস্থ্য বিভাগৰ আবেদনত জিলা আযুক্তৰ নিৰ্দেশত জিলা প্ৰশাসনীক বিষয়াই স্থানীয় আৰক্ষীৰ সহযোগত ছীল কৰে উক্ত দুখন দন্ত ক্লিনিক।