নগাঁও

নগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব...

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : আগন্তক ২০২৪ৰ নিৰ্বাচনত নগাঁও সংসদীয় সমষ্টিত যদিহে জৰা -ফুকা অথবা ধৰ্মান্তুৰৰ প্ৰভাৱ নপৰে তেনেহ'লে সমষ্টিটোৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জয়ী হ'ব। এই মন্তব্য অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিষ্ণু দাসৰ।

নগাঁও লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী বিচৰাৰ সন্দৰ্ভত দাসে মন্তব্য কৰে যে, এই সম্পৰ্কত আলোচনা চলি আছে আৰু অচিৰে ইয়াৰ সিদ্ধান্তু লোৱা হ'ব।তেওঁ বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰখনৰ লগতে সকলো লোককে উন্নয়নৰ কামত মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মাক সহযোগ আগবঢ়োৱাৰ বাবে সমষ্টিবাসীৰ প্ৰতি আহ্বান জনায়।

উল্লেখ্য যে, কচুৱাৰ জুৰিপাৰ অগপ আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে নিশাৰ ভাগত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভাত অংশ লৈ এই মন্তব্য কৰিছিল উপ সভাপতিগৰাকীয়ে। জুৰিপাৰ আঞ্চলিকৰ সভাপতি হাবিজ উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰহা বিধান পৰিষদৰ সভাপতি প্ৰণৱ দাস,ৰহা সমষ্টিৰ উপদেষ্টা মদন চুব্বাকে ধৰি কেন্দ্ৰীয় তথা জিলা আৰু আঞ্চলিক পৰ্যায়ৰ বহু নেতা -কৰ্মী উপস্থিত থাকে।