নগাঁও

শিঙিমাৰী পঞ্চায়তৰ কাৰ্যালয় গৃহ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : ৰহা সমষ্টিৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চায়ত গৃহটি শুভ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশী কান্তু দাসে।

লগতে বিধায়কগৰাকীয়ে ৰজাগাঁৱৰ মাজমজিয়াত এটি সাংস্কৃতিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে শিঙিমাৰী গাওঁপঞ্চায়তৰ কাৰ্যালয় গৃহটো ২০২১-২২বৰ্ষৰ ৰষ্ট্ৰীয় গ্ৰাম স্বৰাজ যোজনাৰ অধিনত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।

আনহাতে পঞ্চদশ বিত্তীয় আয়োগৰ ২০২২ -২৩ বৰ্ষৰ আবণ্টিত পুঁজিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ৪ লাখ ৫২ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া শিঙিমাৰী গাওঁ পঞ্চায়তৰ ১নং ৱাৰ্ডত এই সাংস্কৃতিক প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব । আজিৰ কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অনন্তু গগৈ,কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া চুইটা শৰ্ম, পঞ্চায়ত খনৰ সভাপতি শিৱাংক ভৌমিক,গৰুবাট মণ্ডল বিজেপিৰ সভাপতি শান্তিৰাম বৰা,জিলা পৰিষদৰ সহঃ কাৰ্যবাহী অভিজিৎ চক্ৰৱৰ্তী আদি। ইফালে পঞ্চায়তৰ সচিব ৰুহিনী তামুলীয়ে সভাখনৰ আঁত ধৰে।