কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন... 
নগাঁও

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলুগুৰিৰ ৰাস মন্দিৰৰ ৰংগমঞ্চত আজি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত "আন্তৰ্জাতিক নাৰী দিৱস" পালন কৰা হয়। তদুপলক্ষে অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই নাৰী দিৱসৰ উদেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে।

তেওঁ কয়- ৰাষ্ট্ৰসংঘৰ দ্বাৰা ২০২৪ বৰ্ষৰ নাৰী দিৱসৰ বিষয় বস্তু 'মহিলাসকলৰ বাবে বিনিয়োগ কৰক, প্ৰগতি ত্বৰান্বিত কৰক'ৰ ওপৰত বিশ্লেষণ কৰে। তেওঁ অৰ্থনৈতিক অক্ষমতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলাৰ বাবে বিনিয়োগ কৰিলে, কেনেকৈ সমাজ সুৰক্ষিত, সুন্দৰ হোৱাৰ লগতে প্ৰগতি ত্বৰান্বিত হব সেই বিষয়েও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিজ্ঞানী ড০ চিংকি বৰ্মন, ড০ অনিমেশ ডেকা, দ্বীপেন চন্দ্ৰ নাথৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী প্ৰগতিশীল মহিলাই নাৰী সৱলীকৰণৰ ওপৰত ভাষণ প্ৰদান কৰে।