নগাঁও

কামপুৰত কপিলী নৈৰ বুকুত জাহ গ’ল কেইবা কোটি টকীয়া মাথাউৰি

প্ৰায় ছমাহ নৌহওঁতে মাথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰ : কামপুৰ ভলভলীয়া গাঁৱত কেইবা কোটি টকীয়া মাথাউৰি জাহ গ’ল কপিলী নদীৰ বুকুত। কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কামপুৰ বুঢ়াপতিয়া গাঁৱৰ পৰা ভলভলীয়া গাঁৱলৈকে প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ জিঅ' বেগেৰ নিৰ্মান কৰা হৈছিল এই মাথাউৰিটো ।

প্ৰায় ছয় মাহ পূৰ্বে নিৰ্মাণ কৰা এই মাথাউৰিটোক লৈ এতিয়া কামপুৰ ভলভলীয়া গাঁৱৰ লোকসকল শংকিত হৈ পৰিছে । নৈপৰীয়া লোকসকলৰ লগতে সমগ্ৰ কামপুৰ অঞ্চলৰ লোক সকলো শংকিত হৈ পৰিছে ।

ঠিকাদাৰ উত্তম চন্দ্ৰ নাহাতাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা এই মাথাউৰিটোৰ কাম অতি নিম্নমানৰ হোৱাৰ লগতে নিজৰ মইমতালিৰে কাম কৰা ফলতে এনেদৰে খহি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে এই বিষয়টোৰ ওপৰত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে জড়িত যি সকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আছে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা ল’বলৈ দাবী জনায়।

আনহাতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ লগতে মাথাউৰি নিৰ্মান কাৰ্যত জড়িত লোকসকলৰ বিৰুদ্ধে দুই এদিনৰ ভিতৰতে আইনৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই । এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰে আপোচ নকৰো বুলি দম্ভালি মাৰি থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহন পাৰিবনে ? নে এনেদৰেই দুৰ্নীতি কৰিবলৈ ৰঙা দলিছা পাৰি দিব সেইয়া হ’ব লক্ষণীয়।