নগাঁও

বঢ়মপুৰ সমষ্টিত বিজেপিৰ উন্নয়নৰ আলোড়িত সভাক সমালোচনা জাতীয় যুৱ বাহিনীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : বঢ়মপুৰ সমষ্টিত বিজেপিৰ উন্নয়নৰ আলোড়িত সভাক সমালোচনা কৰি ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ উপ-সভাপতি ভাস্কৰ বৰাই কয়- "বিগত সময়চোৱাত বঢ়মপুৰ সমষ্টিত একাংশ মুষ্টিমেয় ঠিকাদাৰ আৰু পাহাৰ ধ্বংসকাৰী ব্যক্তিৰহে পাহাৰসম উন্নয়ন হৈছে।

তাৰ পৰিৱর্তে সর্বসাধাৰণ ৰাইজক উন্নয়নে ঢুকি পোৱা নাই। যি সময়ত বান বিধস্ত বঢ়মপুৰ সমষ্টিৰ বিভিন্ন ৰাস্তা-ঘাট তথা মঠাউৰিসমূহ নিৰ্মাণৰ ক্ষেত্রত বিজেপিৰ ঘনিষ্ঠ নেতা, পালিনেতাই নিৰ্মাণৰ দায়িত্ব পোৱাৰ পিছতো আজি পর্যন্ত নির্মাণ হোৱা নাই সেই সময়ত বিজেপিৰ আলোড়িত যাত্রা সর্বসাধাৰণ ৰাইজৰ বাবে চৰম তাচ্ছিল্য।

যুৱ বাহিনীৰ নেতাজনে লগতে কয় যে, বঢ়মপুৰ সমষ্টিত বান সাহায্যৰ পৰা ৰুগীয়া ব্যক্তিৰ সাহায্যলৈকে সকলোতে মাথোঁ অনিয়ম আৰু শেহতীয়াকৈ বঢ়মপুৰ সমষ্টিত পাহাৰ ধ্বংস কৰি ৰিজৰ্ট নির্মাণ কৰাত ব্যস্ত একাংশ। যাৰ ফলত বৃদ্ধি হৈছে হাতী- মানুহৰ সংঘাত।

সমষ্টিৰ সাধাৰণ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এইবোৰৰ প্রতি সম্পূর্ণ উদাসীন স্থানীয় বিধায়ক জিতু গোস্বামী। শেষতীয়াকৈ বিজেপিৰ মুষ্টিমেয় ব্যক্তিৰ উন্নয়ৰ প্রতি আকৃষ্ট হৈ কংগ্রেছৰ ৩বাৰৰ পৰাজিত প্রার্থী জনেও ন-বিজেপি হৈ প্রলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে কিন্তু ৰাইজৰ দ্বাৰা প্রত্যাখিত হৈছে।

জাতীয় যুব বাহিনীৰ গুৰুত্বপূর্ণ অভিযোগ যে, বঢ়মপুৰ সমষ্টিৰ সকলো অনিয়মৰ বাবে স্থানীয় বিধায়ক জিতু গোস্বামী জগৰীয়া আৰু ইয়াৰ উত্তৰ ৰাইজে ২০২৪-ৰ নিৰ্বাচনত প্রদান কৰিব।