বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী জীতেন্দ্ৰ কুমাৰ বৰুৱাৰ মৃত্যুত শোক... 
নগাঁও

বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী জীতেন্দ্ৰ কুমাৰ বৰুৱাৰ মৃত্যুত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী জীতেন্দ্ৰ কুমাৰ বৰুৱাৰ আজি নিজ বাসগৃহত মৃত্যু হয়। ৬৮ বছৰীয়া বৰুৱা বিগত কিছুদিন ধৰি অসুস্থ হৈ থকাৰ বাবে নগাঁও আৰু গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি আছিল।

শ্ৰম বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জীতেন্দ্ৰ কুমাৰ বৰুৱা জীৱন কালত বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াইছিল। সৰবৰহী, মৰমীয়াল, সৰল মনৰ বৰুৱাৰ বিয়োগত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত জীতেন্দ্ৰ কুমাৰ বৰুৱাই পত্নী, জী-জোৱাই, ভাতৃ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।