নগাঁও

তিনি শতাধিক মাটিৰ চাকিৰ পোহৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত জোনাকী মেল

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : তিনি শতাধিক মাটিৰ চাকিৰ পোহৰত, মুকলি আকাশৰ তলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে আয়োজন কৰে জোনাকী মেল ৷ বিভাগটোৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মধ্য অসমৰ ব্যুৰু চীফ বীৰেন বৰাই ৷

অনুষ্ঠানটি উদ্বোধন কৰি বৰাই কয়, “ এটা জাতিক শক্তিশালী কৰি ৰাখিবলৈ এনে অনুষ্ঠান অতি দৰকাৰী ৷ বিজ্ঞানৰ উত্থানেও আমাৰ পৰা পৰম্পৰা কঢ়ি নিব নোৱাৰে ৷” বিভাগটোৰ গৱেষক ছাত্ৰ গৌৰী প্ৰসাদ শৰ্মা আৰু ছাত্ৰী নিবেদিতা বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত বৰমেলুৱৈ হিচাপে অংশগ্ৰহণ কৰে কলেজ অফ ইডুকেশ্বন নগাঁৱৰ অধ্যক্ষ ড° মানশিখা বৰুৱা তথা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী ড° নিৰুপমা ভট্টাচাৰ্য ৷

অনুষ্ঠানৰ প্ৰাৰম্ভিকতে বিভাগটোৰ শিক্ষাৰ্থীসকলে বিভাগীয় সংগীত পৰিৱেশন কৰাৰ উপৰিও “শৰতৰ জোনাকত গীতিকবি” শীৰ্ষক এখনি সংগীতালেখ্য বিভাগটোৰ শিক্ষক-শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে ৷ এই কাৰ্যসূচীৰ সমান্তৰালকৈ ছাত্ৰী প্ৰিয়ংকা টায়ে, ৰিকুমণি বৰা, প্ৰেৰণা দে’ই নৃত্য, ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° চুমি দা-ধৰা, ছাত্ৰী হিমাশ্ৰী ভট্টাচাৰ্য, শান্তনু কৌশিক, দিক্ষীতা কাকতি, প্লাবিতা হাজৰিকাৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী চন্দনা বেজবৰুৱাই গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷

ইয়াৰোপৰি বিভাগটোৰ ড° শিখামণি শৰ্মাই কথা কবিতা আৰু শিক্ষাৰ্থীদ্বয় ক্ৰমে হিমশিখা সন্দিকৈ তথা দ্বীপজ্যোতি নাথে কবিতা পাঠ কৰে ৷ বিভাগটোৰ মুৰব্বী অধ্যাপক ড° শ্যামলী দলৈ, সহকাৰী অধ্যাপকসকল ক্ৰমে ড° চন্দ্ৰ কমল চেতিয়া, ড° শিখামণি শৰ্মা, ড° পাৰ্থ প্ৰতিম ফুকন, ড° চাহিন জাফ্ৰিৰ লগতে বিশ্ববিদ্যালয়খনৰ বিষয়া-কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত চ’ৰাৰ সম্পাদক বনদ্বীপ শৰ্মাই আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানটি সামৰণি পৰে।