নগাঁও

লুটুমাৰি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড: সম্পূৰ্ণৰূপে ভস্মীভূত দুখনকৈ দোকান...

Asomiya Pratidin

ডিজিটেল সংবাদ,কচুৱাঃ কচুৱাৰ লুটুমাৰি বজাৰত শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইত বজাৰৰ মাজমজিয়াত থকা দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে এখন গেলামাল দোকানৰ কিছু সামগ্ৰী ভস্মীভূত হয়।

নিশা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। ইফালে ঘটনাস্থলীত ডেৰ ঘন্টা পলমকৈ উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী। কিন্তু স্থানীয় লোকৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পাছত কচুৱা আৰক্ষী থানাত অগ্নি নিৰ্বাপনৰ গাড়ী মজুত ৰাখিবলৈ দাবী কৰে ৰাইজে ।