নগাঁও

কচুৱাত ৰাইজে আৱদ্ধ কৰিলে গৰু সৰবৰাহকাৰী বাহন: তীব্ৰ প্ৰতিবাদ সাব্যস্ত

Asomiya Pratidin

ডিজিটেল সংবাদ,কচুৱাঃ বুধবাৰে নিশাৰ ভাগত নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৰজাগাঁৱত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিশা ৯ মান বজাত কচুৱাৰ দিশৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ দিশলৈ গৈ থকা এখন গৰুভৰ্তি বাহন আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

তথ্য অনুসৰি,AS02CC8868 নম্বৰৰ জব্দাকৃত বাহন খনত অবৈধভাৱে ১৯ টাকৈ গৰু সৰবৰাহৰ বাবে ৰখা হৈছিল। নগাঁও আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা কামপুৰ-বৈঠালাংচু সংযোগী পথেৰে মেঘালয়লৈ নিতৌ শ শ গাড়ীৰে অবৈধভাৱে গৰু সৰবৰাহ হয়।

প্ৰশাসনৰ চকুত ধুলি দি এইদৰে গৰু সৰবৰাহ কৰা কাৰ্যত অতিষ্ঠ হৈ পৰিছিল ৰাইজ।সেয়ে ৰজাগাঁওবাসী ৰাইজে গৰু সৰবৰাহ কৰা গাড়ী আৱদ্ধ কৰি প্ৰতিবাদ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে। ইফালে আৰক্ষী পলমকৈ অহাত ৰাইজ ক্ষুন্ন হৈ পৰে। আৰক্ষীয়ে পলমকৈ হ'লেও গৰু ভৰ্তি বাহনখন জব্দ কৰা লগতে চালক আটক কৰি থানালৈ লৈ আহে। ৰাইজে এই ঘটনাৰ উচিত শাস্তিৰ দাবী জনাইছে।