নগাঁও

কচুৱাত মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক স্বামী

Asomiya Pratidin

ডিজিটেল সংবাদ,কচুৱাঃ ডবকাৰ ভেলুগুৰিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। নগাঁও জিলাৰ কচুৱাৰ হালধীবাৰীৰ এগৰাকী মহিলাৰ স্বামী গৃহত মৃত্যু হোৱা ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চলৰ সৃষ্টি হৈছে। প্ৰায় ছমাহ পূৰ্বে আবু হানিফাৰ নামৰ লোকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল মৃত হালধীবাৰীৰ ৰেজুয়ানা খাতুন।

স্বামী গৃহৰ বিৰুদ্ধে বিবাহৰ পিছৰ পৰাই যৌতুক বিচাৰি অকৰ্থ নিযাৰ্তন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীয়ে। ইপিনে পূৰ্বৰ পত্নীৰ কথা গোপনে ৰাখি  মৃত মহিলা গৰাকীৰ লগত দ্বিতীয়বাৰ বিবাহ পাশত আৱদ্ধ হৈছিল স্বামী আবু হানিফাই। কিছুদিন পিছতে সমগ্ৰ ঘটনা গম পোৱাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

কাজিয়া আৰু স্বামী গৃহত অকৰ্থ নিৰ্যাতন চলোৱাৰ সময়ছোৱাতে বৃহস্পতিবাৰে স্বামী গৃহত ৰহস্যজনক অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। মৃত ৰেজুয়ানা খাতুনৰ মাতৃ অজুফা খাতুনৰ এজাহাৰৰ ভিত্তিত স্বামী আবু হানিফাক ডবকা আৰক্ষীয়ে আটক কৰে।

শুকুৰবাৰে সন্ধিয়া ভাগত পিতৃ গৃহত মৃত মহিলা গৰাকীৰ মৃত দেহ অনাৰ পিছতেই শোকাকুল পৰিবেশে বিৰাজ কৰে। এতিয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছত হে এয়া হত্যা নে আত্মহত্যা সেয়া পোহৰলৈ আহিব।