সম্পূৰ্ণ হোৱাৰ পথত কলং পুনৰ জীৱিত কৰণ আঁচনি... 
নগাঁও

সম্পূৰ্ণ হোৱাৰ পথত কলং পুনৰ জীৱিত কৰণ আঁচনি...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: বহু প্ৰতীক্ষাৰ অন্তত অবিভক্ত নগাঁও জিলৰ ৰাইজৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে অসম চৰকাৰে। নিৰ্বাচনী ব্যস্ততাৰ মাজতে নগাঁওবাসীৰ বাবে আহিছে এটা ভাল খবৰ। নিয়ন্ত্ৰিতভাৱে পুনৰ প্ৰাণ পাই উঠিব মৃতপ্ৰায় কলং সূঁতি।

১৯৫০ ৰ ভূমিকম্পৰ পিছত নগাঁও চহৰ বানৰ কবলত পৰিছিল। তাৰ পিছত কলং সূঁতিৰ উৎস হাতীমুৰাৰ পৰা বৰঘোপ পাহাৰলৈকে মঠাউৰি নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ পানী কলঙেদি প্ৰবাহিত হোৱাৰ গতি স্তব্ধ কৰি দিয়া হয়।

নগাঁৱৰ ৰাইজে কলঙক নিয়ন্ত্ৰিত ৰূপত বোৱাই নিয়াৰ দাবী তোলাৰ পিছত ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয়। সেই মতে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে।

কলিয়াবৰৰ হাতীমুৰাৰ কলং মুখত শ্লুইচ গেট নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বোৱাই অনাৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলাৰ হাতীমূৰাৰ সমীপৰ 'আৰিকটা' নামৰ ঠাইৰ পৰা ওলাই অহা চঞ্চলা-চপলা কলং সূঁতি কলংপৰীয়া ৰাইজৰ সুখ-দুখৰ সমভাগী হৈ চন্দ্ৰপুৰৰ সমীপৰ 'কাজলীমুখ'ত পুনৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱা কলং শীঘ্ৰে পুনৰ প্ৰাণ পাই উঠিব বুলি আশা কৰিব পাৰি ।

জানিব পৰা মতে ১৩৫.৪০ কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কাম হাতত লোৱা কলং সূঁতি পুনৰ জীৱিত কৰণ আঁচনিখন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। বিভিন্ন দল সংগঠনৰ লগতে কলংপৰীয়া ৰাইজৰ প্ৰৱল জনমত আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শত ৰাজ্য চৰকাৰে কলঙক পুনৰ বোৱতী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহৎ পৰিমাণৰ পুঁজি আবণ্টন দিছিল।

কলিয়াবৰৰ বিধায়ক তথা তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰত মাঙ্গলিক কাৰ্য্যৰে শুভাৰম্ভ কৰা কলং পুনৰ জীৱিত কৰণ আঁচনিখনৰ লগতে ২০২১ বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীক কলং খনন আৰু নিস্কাশনৰ কাম শুভাৰম্ভ কৰি মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ তথা নগাঁও বাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল। অৱশ্যে সেই সময়ত মন্ত্ৰী কেশব মহন্তই ঘোষণা কৰা মতে আঁচনিখনৰ কাম সম্পূৰ্ণ হৈ উঠা নাছিল ।

পৰবৰ্তী সময়ত মন্ত্ৰী পীয়ুষ হাজৰিকাই আঁচনিখনৰ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব প্ৰদান কৰে। বৰ্তমান আচঁনিখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাত চলিত মে’ মাহতে পৰীক্ষামূলক ভাবে ব্ৰহ্মপুত্ৰৰ পানী কলঙলৈ বোৱাই অনাৰ কাম কৰা হ'ব ।

৩ বছৰ ৬ মাহৰ অন্তত ব্ৰহ্মপুত্ৰৰ বুকুত হাতীমুৰা মন্দিৰৰ পৰা কলংমুখলৈ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা নিৰ্মাণৰ কাম সম্পন্ন কৰি ইতিমধ্যে কলংমুখলৈ বোৱায় অনা হৈছে ব্ৰহ্মপুত্ৰৰ পানী। ইয়াৰ পিছতে জলসম্পদ বিভাগে আৰম্ভ কৰিব ব্ৰহ্মপুত্ৰৰ পানী শ্লুইচগেটেৰে কলঙত পেলোৱাৰ পৰীক্ষণৰ কাম।

উল্লেখযোগ্য যে ,জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ২০২১ বৰ্ষৰ ২৩ মে’ আৰু ১৯ ডিচেম্বৰত কলিয়াবৰৰ হাতীমূৰাৰ কলং মুখৰ কাম পৰিদৰ্শন কৰি আঁচনিখনৰ অগ্ৰগতি বুজ লৈ ২০২৫ ৰ পূৰ্বে কলং পুনৰ প্ৰৱাহিত হ'ব বুলি ব্যক্ত কৰিছিল।

মন্ত্ৰী হাজৰিকাই এই আচনি সম্পূৰ্ণ কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম প্ৰায় সম্পূৰ্ণ হোৱাত নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে। মধ্য অসমৰ সামাজিক তথা সাংস্কৃতিক জীৱনৰ দলিলস্বৰূপ এই কলং ৭০ দশকৰ পৰা মৃতপ্ৰায় হৈ আছিল।

উল্লেখ যে, অসম বিধানসভাৰ অধিবেশনত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই এই সন্দৰ্ভত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বিধানসভাত একাধিক বাৰ বিধায়ক শৰ্মাই বিধান সভাৰ মজিয়াত এই কাম সম্পাদনৰ বাবে চৰকাৰক হেঁচা প্ৰদান কৰি আহিছিল ।