নগাঁও

নিৰ্বাচনত শাসকীয় জনপ্ৰতিনিধিক জৱাবদিহি কৰিব নগাৱঁৰ ক্ষুব্ধ ৰাইজে

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাই ঢুকি নোপোৱা নগাঁও জিলাৰ এটা বিশেষ পথে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক। বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে কলিয়াবৰৰ আমনিৰ পৰা নগাঁৱৰ কঠীয়াতলী সংযোগী ৰাজ্যিক ঘাইপথটো। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০খনৰো অধিক গাঁও আৰু চাহ বাগিচা সংযোগ কৰা ৰাজ্যিক ঘাইপথটোৰ বিধ্বস্ত অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মিত পকী পথটো বিগত প্ৰায় ১০ বছৰে মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে। বাৰিষা বোকাময় আৰু খৰালি ধুলিৰে ধূসৰিত হৈ পৰে পথটো। আনহাতে, অত্যাধিক হাৰত শিল পৰিবাহী ডাম্পাৰ চলাচল কৰাৰ বাবেও পথটোৰ অৱস্থা শোচনীয় হৈ পৰিছে। ফলত ব্যাপক অসুবিধাৰ সন্মুখীণ হ'ব লগীয়া হৈছে কলিয়াবৰৰ আমলখি, শালনা, আঞ্জুকপানী আদি অঞ্চলৰ ৰাইজ।

উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা পথটো পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাই দাবী কৰি আহিছে যদিও আজিলৈকে নিৰ্মাণ নহ'ল পথটো। পথটো নিৰ্মাণৰ দাবীত মুখ্যমন্ত্ৰীকো স্মাৰক পত্ৰ দিয়া হৈছিল যদিও শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাৰ কাৰ্যসূচীতো পথটোৰ উন্নয়নৰ প্ৰসংগই স্থান নোপোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাও। সমাগত লোকসভা নিৰ্বাচনত সংশ্লিষ্ট বৃহত্তৰ অঞ্চলটোত ভোট বিচাৰি আহিব লগা শাসকীয় দলৰ জনপ্ৰতিনিধিয়ে এই বিষয় সন্দৰ্ভত জৱাবদিহি হ’ব লাগিব বুলি সকিয়াই দিছে ক্ষুব্ধ স্থানীয় ৰাইজে ৷