নগাঁও

কপিলী নদীত সন্ধানহীন দুই ভাতৃ

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰত দেওবাৰে দুপৰীয়া কপিলী নদীত গা ধুবলৈ গৈ দুগৰাকী ভাতৃ সন্ধানহীন হয় । কামপুৰ চৰাইহাগীৰ একে ঘৰৰে অমৰজ্যোতি বৰুৱা (১২) আৰু মানস বৰুৱা (১৬) ই কপিলী নদীত গা ধুই থকা অৱস্থাত অমৰজ্যোতি বৰুৱা ডুবি যায় ।

ভাতৃ অমৰজ্যোতিক বচাবলৈ ককায়েক মানস বৰুৱা আগুৱাই গৈ সন্ধানহীন হয় । স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰকাৰী দলে কপিলীৰ বুকুত উদ্ধাৰ অভিযান চলাই যদিও এই পৰ্যন্ত দুই কিশোৰৰ কোনো সন্ধান পোৱা নাই ।এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।