কামপুৰত ৰহস্যজনক ভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ... 
নগাঁও

কামপুৰত ৰহস্যজনক ভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ কামপুৰৰ ঘিলানীত আজি নিশা ৰহস্যজনকভাৱে মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ঘৰত কোনো নথকাৰ সময়তে নিজা ঘৰৰ সমীপৰ এটা পুখুৰীত ৰশ্মিতা হাজৰিকা (২৭) আৰু শিখামনি হাজৰিকা (১১মাহ) ৰ মৃতদেহ উদ্ধাৰ হয় ।

কি কাৰণত, কেনেকৈ দুই মাতৃ-কন্যাৰ পুখুৰীত মৃত্যু্ হ'ল সেইয়া বৰ্তমান জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকৃত ৰহস্য জানিব পৰা যাব।