বাৰিষাৰ প্ৰথমজান বানত ডুবিল কামপুৰঃ কপিলীয়ে চিঙিলে পতিয়াপামৰ মথাউৰি... 
নগাঁও

বাৰিষাৰ প্ৰথমজান বানত ডুবিল কামপুৰঃ কপিলীয়ে চিঙিলে পতিয়াপামৰ মথাউৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাগৰীয় ঘূৰ্ণি ৰীমালৰ প্ৰবাৱত যোৱা সময়ত অসমত হোৱা প্ৰৱল ধুমুহা বৰষুণৰ ফলত এতিয়া কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈ সংহাৰী ৰূপ ধাৰণ কৰিছে। নিশা কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ নৈৰ কোৱাল সোঁতে ভাঙিলে পতিয়াপামৰ মথাউৰি।

ফলত কেইবাখনো গাঁৱত সোমাইছে কপিলীৰ পানী। জলমগ্ন হৈছে এখনৰ পিছত এখনকৈ নৈপৰীয়া গাঁৱৰ লগতে কৃষি পথাৰ। বাৰিষাৰ আৰম্ভণিতে অহা এনে বানৰ ফলত কামপুৰ-যমুনামুখ বকুলগুৰি পথৰৰ ওপৰেদি বাগৰিছে পানী।

বানৰ পৰা ৰক্ষা পাবলৈ ঘৰ এৰি নিৰাপদ স্থানলৈ ৰাওনা হৈছে বানপীড়িত লোকসকল। জানিব পৰা মতে এই পৰ্যন্ত কামপুৰ ৰাজহচক্ৰৰ মুঠ ২০ খন গাওঁ এই বানৰ কৱলত পৰিছে।