নগাঁও

এফালে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ প্ৰতিষ্ঠা দিৱস: আনফালে পঞ্চায়তে পঞ্চায়তে চৰম অৰাজকতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰ : সোমবাৰে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসৰ দিনাই নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিৰপাৰ গাওঁ পঞ্চায়তত ৰাজ্য চৰকাৰৰ অভিলাষি আঁচনি "অৰুণোদয় আচঁনি"ত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে ৷ অভিযোগ মতে, মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশ দালালে চৰকাৰী চাকৰিয়াল আৰু নিজৰ অঙহী-বঙহীৰ নামত অৰুণোদয় আচঁনি লোৱাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিকলাংগ, বিধৱা, অবিবাহিত তথা উপযুক্তক বঞ্চিত কৰি সমাজৰ আঢ্যবন্ত বা বহু ধনৱান লোকৰ পৰিয়ালত অৰুণোদয়ৰ আচঁনি দেখি হতভম্ব হৈ পৰিছে সচেতন মহল ৷ জুৰিপাৰ গাওঁ পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰী ৰমজান আলীৰ পত্নী আনজুমা খাতুন আই ডি নং ৭০০৫৭২৭ আৰু জীয়ৰীৰ উম্মে হাবিবা আই ডিনং ৭০০৪৭১৭ আৰু আই ডি নং ৭০০৫৪০১ নম্বৰৰ হিতাধিকাৰী জুচনাৰা বেগমৰ স্বামী হাইদৰ আলী বৰফ ফেক্টৰী আৰু চাৰিচকীয়া বাহনক মালিক ৷

আনহাতে ৬৪৫৪৫৯৬ আই ডি নম্বৰৰ হিতাধিকাৰী এলফি চুলতানাৰ স্বামী নগাঁৱৰ বাসিন্দা আৰু পুলিচত কৰ্মৰত ৷ উল্লেখ্য যে, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে তেওঁৰ সংগো-পাংগোৰ হাতত অৰুণোদয়ৰ আৱেদনৰ প্ৰ- প্ৰত্ৰ বিতৰণ কৰিব দিছিল। পিছে এই দালাল শ্ৰেণীৰ লোকসকলে ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দি অৰুণোদয়ৰ হিতাধিকাৰী নিৰ্বাচন কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

চৰকাৰী চাকৰিয়াল সকলে প্ৰ-পত্ৰ পূৰণ কৰি সুবিধা লোৱাত কঠীয়াতলী উন্নয়ন খণ্ডৰ এঘাৰ খন পঞ্চায়তৰ লগতে জুৰিপাৰ পঞ্চায়তত সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে সেয়েহে স্থানীয় ৰাইজে সমষ্টিৰ বিধায়ক আৰু জিলা প্ৰশাসনে যাতে তৎকালে ব্যৱস্থা লয় তাৰ দাবী জনাইছে।