সদ্য প্ৰয়াত অভিনেতা জয়ন্ত দাসলৈ কঠীয়াতলী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি... 
নগাঁও

সদ্য প্ৰয়াত অভিনেতা জয়ন্ত দাসলৈ কঠীয়াতলী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি...

Asomiya Pratidin

ডিজিটেল সংবাদ কঠীয়াতলী:- দেওবাৰে নগাঁও জিলাৰ কঠীয়াতলীত কঠীয়াতলী প্ৰেছ ক্লাৱৰ উদ্যোগত সদ্য প্ৰয়াত বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

শনিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ৬৩ বছৰ বয়সত মৃত্যু হোৱা বিশিষ্ট অভিনেতাজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কঠীয়াতলী প্ৰেছ ক্লাৱৰ সভাপতি ঘন বৰা আৰু কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই।

শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে কঠীয়াতলী প্ৰেছ ক্লাৱৰ সম্পাদক অৰুপ বৰাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। সভাৰ আতঁ ধৰে মুক্তিকাম লস্কৰে ।