নগাঁও

উৰিয়াগাঁও খেলপথাৰত 'খেল মহাৰণ' আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেল পথাৰত আৰম্ভ হৈছে খেল মহাৰণ ৷ উৰিয়াগাঁও খেলপথাৰখনক পুনৰ প্ৰাণ দিয়াৰ সপোন আছিল উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ৷

এইখন খেল পথাৰক প্ৰাণ দিবলৈ কৰা আন্দোলনৰ পিছত চৰকাৰে জনোৱা সহাঁৰিৰ অংশ হিচাপে উক্ত খেলপথাৰত খেল মহাৰণ ২০২৩ৰ আৰম্ভণি হয়৷ ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতাখনত স্থানীয় ৪ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণকৰে ৷

উৰিয়াগাঁও পঞ্চায়তে উৰিয়াগাঁও খেলপথাৰত আয়োজন কৰা দুদিনীয়া খেল মহাৰণত বিভিন্ন খেলধেমালী অনুষ্ঠিত হয় ৷ কাবাদী, খো খো, ভলীবল, দৌৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷খেল মহাৰণৰ প্ৰতিযোগিতাখনত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে সহযোগ আগবঢ়াইছে ৷ স্থানীয় ভোগেশ্বৰী ফুকননী স্কুল, কৰৈয়নী এইচ এছ, আউনিআটি হাই স্কুল, উৰিয়াগাঁও এম ভি আদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে খেল মহাৰণত অংশগ্ৰহণ কৰে ৷

দেওবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা খেল মহাৰণৰ সোমবাৰৰ কাৰ্যসূচীত জিলা ক্ৰীড়া বিষয়া মানস প্ৰতিম দাস, প্ৰভাত বৰা, প্ৰাগজ্যোতিষ বনিয়া আদি উপস্থিত থাকে৷