নগাঁৱত খেল মহাৰণৰ প্ৰস্তুতিমূলক সভা... 
নগাঁও

নগাঁৱত খেল মহাৰণৰ প্ৰস্তুতিমূলক সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: ২০২৩ চনৰ ১ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া আগন্তুক অসম খেল মহাৰণ ২০২৩-২৪ৰ আয়োজনৰ বাবে জিলা পৰ্যায়ৰ সমিতিৰ প্ৰস্তুতিমূলক সভা আজি নগাঁও জিলাৰ প্ৰেক্ষাপটত অসম খেল মহাৰণ ২০২৩-২৪ বৰ্ষৰ জিলা পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত নগাঁও জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে অতিৰিক্ত জিলা আয়ুক্ত (ক্রীড়া) লক্ষ্য জ্যোতি দাসে বৈঠকৰ উদ্দেশ্য, আলোচনা কৰিবলগীয়া বিষয়সমূহ আৰু জিলাখনত অসম খেল মহাৰণ ২০২৩-২৪ অনুষ্ঠানৰ সফল আয়োজনৰ বাবে প্রণয়ন কৰিবলগীয়া কৌশলসমূহৰ বিষয়ে উল্লেখ কৰে আৰু অধিক আলোচনা আৰু পৰামৰ্শৰ বাবে মজিয়া মুকলি কৰি দিয়ে।

অসম খেল মহাৰণ ২০২৩-২৪ৰ জিলা পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্তই এই বৃহৎ ক্ৰীড়ানুষ্ঠানৰ বাবে খেলপথাৰ চিনাক্তকৰণ, স্থানীয় সমিতি গঠন আৰু বিষয়াৰ বাছনিৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বৰ্তমানৰ অংশীদাৰসকলক নিৰ্দেশ দিয়ে। আয়ুক্তগৰাকীয়ে বৰ্তমানৰ সদস্যসকলক এই অনুষ্ঠানক ভৱিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা প্ৰতিভাৱান ব্যক্তিক চিনাক্ত কৰাৰ বাবে তৃণমূল পৰ্যায়ত ক্ৰীড়াবিদৰ প্ৰশিক্ষণ ক্ষেত্ৰ বুলি গণ্য কৰিবলৈ কয়।

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতা, সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী, চক্ৰ বিষয়াসকল, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া, জিলা ক্ৰীড়া বিষয়া মানশ প্ৰতীম দাস, নগাঁও ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক উজ্জল বৰুৱা, নগাঁও জিলাৰ খো-খো সন্থাৰ সম্পাদক প্ৰভাত বৰা, নগাঁৱৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল, শাৰীৰিক প্ৰশিক্ষক আৰু জিলা ক্ৰীড়া কাৰ্যালয় তথা নগাঁও ক্ৰীড়া সন্থাৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল উক্ত সভাত উপস্থিত থাকে।

তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্ৰতিভাসকলক উৎসাহ প্ৰদান কৰি তেওঁলোকৰ প্ৰতিভাক নিপুণ কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এই বৃহৎ ক্ৰীড়ানুষ্ঠান খেল মহাৰণ ২০২৩-২৪ৰ ঘোষণা কৰিছিল য’ত সমগ্ৰ প্ৰতিযোগিতাখনতে পাঁচটা ক্ৰীড়া শাখাত, ক্ৰমে এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, কাবাডী, ভলীবল, আৰু খো-খোত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই ‘খেল মহাৰণ’ কাৰ্যসূচীত প্ৰতিযোগীসকলক বয়সৰ চাৰিটা গোটত ভাগ কৰা হৈছে- ১৯ বছৰৰ তলৰ (পুৰুষ), ১৯ বছৰৰ তলৰ (মহিলা), ১৯ বছৰৰ ওপৰৰ (পুৰুষ), আৰু ১৯ বছৰৰ ওপৰৰ (মহিলা)।

এই বহুস্তৰীয় প্ৰতিযোগিতাত তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈকে কেইবাটাও পৰ্যায় সামৰি লোৱা হ’ব। পৰ্যায়সমূহৰ ভিতৰত আছে গ্ৰাম পঞ্চায়ত/নগৰীয়া স্থানীয় সংস্থা (ইউ এল বি)/ৱাৰ্ড পৰ্যায়, গাঁও পৰিষদ উন্নয়ন সমিতি/এম.এ.চি পৰ্যায়ৰ বি.টি.চি, কে.এ.এ.চি, আৰু ডি.এইচ.এ.চি; বিধানসভা সমষ্টি পৰ্যায়; জিলা পৰ্যায়; আৰু চূড়ান্ত পৰ্যায়ত ৰাজ্য স্তৰীয় প্ৰতিযোগিতা।