নগাঁও

সদৌ অসম কলীয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ: মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত্যু দিৱস ৯ নৱেম্বৰ দিনটো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষ সমূ্হৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে "শ্বহীদ দিৱস"। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বুধবৰে পুৱা অনুষ্ঠিত হয় ৩৫ সংখ্যক সদৌ অসম কলীয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা।

মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই উদ্বোধন কৰা এই কলীয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম ভিত্তিত অনুষ্ঠিত এই মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে গোলাঘাটৰ তিক্ষেশ্বৰ কুৰ্মী, সৰ্থেবাৰীৰ ৰবীন দাস আৰু মৰিগাঁৱৰ ভূপেন ডেকাই।

বিজয়ী প্ৰতিযোগীসকলক নগদ মাননি, মেডেল, ট্ৰেকচুট আৰু মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানটোত মূখ্য অতিথি ৰূপে উপস্থিত থাকে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া ৰাজনিশাণ শৰ্মা ৷