জলজীৱন, অনাময় আদি আঁচনিয়ে ঢুকি নেপোৱা আমদাংগাৰ চকুলু মচিব কোনে? 
নগাঁও

জলজীৱন, অনাময় আদি আঁচনিয়ে ঢুকি নেপোৱা আমদাংগাৰ চকুলু মচিব কোনে?

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ স্বাধীনতা লাভৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছত যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক'বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত কলিয়াবৰৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই সচেতন মহলক চিন্তিত কৰি তুলিছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ এই গৃহ সমষ্টিত এতিয়া তৃষ্ণা দূৰ কৰাৰ লগতে নিত্য ব্যৱহাৰ্য কাৰ্যৰ বাবে পাহাৰীয়া জুৰিৰ পানী ব্যৱহাৰ কৰি স্বাস্থ্যৰ সৈতে হেতালি খেলিছে গঞাই।

যি সময়ত জনস্বাস্থ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জল জীৱন মিচন নামৰ অভিলাষী আঁচনিৰ নামত অসমতো কোট কোটি টকা ব্যয় কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দাবী কৰিছে সেই সময়তো এইদৰে পাহাৰীয়া জুৰিৰ পানী খাই জীয়াই থাকিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। কলিয়াবৰ মহকুমাৰ কুঠৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ ৰাইজে এই অমৃত কালতো চৰকাৰী বহু আঁচনি লাভৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ উঠিছে।

বিশেষকৈ বিশুদ্ধ খোৱা পানী, স্বাস্থ্য, অনাময়, বৃদ্ধপেঞ্চন, বিধৱা পেঞ্চন আদিৰ সৈতে জড়িত কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলবাসীক।গঞাই এটুপি খোৱা পানীৰ বাবে বছৰ বছৰ ধৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগী, স্থানীয় বিধায়ক, গাঁও পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত অঞ্চলবাসীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। গঞাই পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানীকে শোধন নকৰাকৈয়ে বছৰ বছৰ ধৰি সেৱন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে লেশমানো কানসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

খৰালি বা বাৰিষা বতৰতো গাওঁখনৰ পুৰুষ মহিলাই হাতে হাতে বাল্টি, চৰিয়া লৈ দৈনিক পুৱা-গধূলি পাহাৰৰ জুৰিৰ পানী আনিবলৈ যোৱা কাৰ্য নিত্য নৈমিত্তিক ঘটনাত পৰিণত হোৱা দেখা যায়। ইফালে গাওঁবাসীয়ে অভিযোগ কৰি কয় যে, নিৰ্বাচন আহিলেই ভোট বিচাৰি বহু নেতা আহে। নিৰ্বাচনত জয়ী হ'লেই গাওঁখনৰ পানীৰ বহুদিনীয়া সমস্যা সমাধান কৰা হ'ব বুলি প্ৰতিশ্ৰুতিও দিয়ে। কিন্তু নিৰ্বাচনত জয়ী হ'লেই আমালৈ পিঠি দিয়ে।

স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো গঞাই বহুবাৰ পানীৰ সমস্যাটো সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত ৰাইজে সুফল নাপালে বুলি বুধবাৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সদস্যসকলে অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়ত ক্ষুব্ধ গঞাই এনে মন্তব্য কৰা শুনা গ'ল।