কঠিয়াতলীৰ বজাৰত হত্যাৰ বলি চৰকাৰী গাওঁবুঢ়া... 
নগাঁও

কঠিয়াতলীৰ বজাৰত হত্যাৰ বলি চৰকাৰী গাওঁবুঢ়া...

Asomiya Pratidin

ডিজিটেল সেৱা কঠীয়াতলী: বৃহস্পতিবাৰে সন্ধিয়া নগাঁও জিলাৰ কঠীয়াতলীৰ মাজমজিয়াত এক জঘন্য হত্যাকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি নামবৰ লালুংগাঁৱৰ চৰকাৰী গাওঁবুঢ়া চিৰন্তন বৰদলৈক কঠীয়াতলীৰ দৈনিক বজাৰত কোনো দূৰ্বৃত্তই দাৰে ডিঙি কাটি পেলায় থৈ যায় ৷

চৰকাৰী গাওঁ বুঢ়াগৰাকীয়ে দৈনিক বজাৰখনৰ এখন দোকানত সামগ্ৰী কিনি থকাৰ সময়তে ডিঙি কাটি হত্যা কৰে ৷ ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

কিন্তু এই পৰ্যন্ত কোনে আৰু কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে সেই বিষয়ে কোনো কথাই জানিব পৰা হোৱা নাই। আৰক্ষীৰ সঠিত তদন্তৰ অন্ততহে এই বিষয়ে জানিব পৰা যাব।