নগাঁও

কঠীয়াতলীত শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, কঠীয়াতলী: শৰত কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। এতিয়া শৰৎ কালৰ বতৰ। সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি। তাৰ সমান্তৰালকৈ নগাওঁ কঠীয়াতলী নামবৰ লালুং গাওঁ আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ইং ২৮,২৯,আৰু ৩০ নবেম্বৰত তিনিদিনীয়া কায্যসুচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ।

এই উৎসৱৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে আৰম্ভ কৰিছে আখৰা। অঞ্চলটোৰ প্ৰায় শতাধিক যুৱতী, বোৱাৰী আৰু কন কন শিশু সকলে অংশগ্ৰহন কৰে এই কৃষ্ণ ৰাসৰ আখৰাত ।

নামবৰ লালু গাওঁ আঞ্চলিক খেল পথাৰ প্ৰাংগনত পূৰ্ণগতিত চলি আছে ৰাসৰ আখৰা। এইবাৰ ৪ৰ্থ বৰ্ষত ভৰি দিয়া এই ৰাস মহোৎসৱৰ তিনিদিনীয়া কাৰ্য্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা সু দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে।