নগাঁও

নামবৰ লালুংগাঁওবাসীয়ে চিৰ বিদায় জনালে গাঁও প্ৰধান চিৰন্তন বৰদলৈক...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ এক শোকাকুল পৰিবেশত নগাঁও জিলাৰ কঠীয়াতলীৰ নামবৰ লালুংগাঁওবাসীয়ে চিৰ বিদায় জনালে গাঁও প্ৰধান চিৰন্তন বৰদলৈক। উল্লেখ্য যে বৃহস্পতিবাৰে নিশাৰ ভাগত কঠীয়াতলী বজাৰৰ এখন দোকানত সামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাতে চিৰন্তন বৰদলৈ নামৰ নামবৰ লালুং গাঁৱৰ চৰকাৰী গাওঁ প্ৰধানজনক পলাশ আমচং নামৰ এজন লোকে দাৰে ডিঙি কাটি হত্যা কৰাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে এক চেপা উত্তেজনাই বিৰাজ কৰে।

গাও প্ৰধান চিৰন্তন বৰদলৈ

হত্যাকাণ্ড সংঘটিত হোৱা পিছতে কঠীয়াতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি পলাশ আমচাং নামৰ অভিযুক্ত জনক আটক কৰি আজি নগাঁও আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ব্যক্তিগত শত্ৰুতাৰ বাবেই ঘটনাটো হোৱা বুলি সন্দেহ কৰা হৈছে।

ইফালে কঠীয়াতলী আৰক্ষী পহৰা চকীত আজি নামবৰ লালুং গাওঁ আৰু উপবৰ লালুং গাঁৱৰ শতাধিক পুৰুষ মহিলা উপস্থিত হৈ হত্যাকাণ্ডত অভিযুক্ত পলাশ আমচাঙক ফা‍ঁচী দিবলৈ দাবী উত্থাপন কৰে। তদুপৰি সদৌ অসম তিৱা ছাত্র সন্থাৰ এটা দল কঠীয়াতলী আৰক্ষী পহৰা চকীত উপস্থিত হৈ দোষীক কঠোৰতম শাস্তি প্ৰদানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

হত্যাকাৰী পলাশ আমচাঙ