নগাঁও

সমাজকৰ্মী উৎপল বনিয়াৰ শ্ৰমিকক সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ আজি শ্ৰমিক দিৱস। শ্ৰমিক দিৱসৰ দিনা ৰহাত বিভিন্ন ক্ষেত্ৰত নিয়োজিত শ্ৰমিকক উষ্ম সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী উৎপল বনিয়াই বুধবাৰে ৰহাত শ্ৰমিকক সম্বৰ্ধনা জনায়।

যুৱ ব্যৱসায়ীগৰাকীয়ে পৰিৱেশ নিকাকৰণকে ধৰি দিনে-নিশাই বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা শ্ৰমিকসকলক গামোচা, ছাটি, চেলেং, গেঞ্জি আদিৰে সম্বৰ্ধনা জনায়। যুৱ ব্যৱসায়ীগৰাকীৰ এই কাৰ্যক স্থানীয় বাসিন্দাই প্ৰশংসা কৰিছে।