নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বটদ্ৰৱাত মহিলাৰ বৃহৎ সমদল... 
নগাঁও

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বটদ্ৰৱাত মহিলাৰ বৃহৎ সমদল...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বৃহস্পতিবাৰে ধিঙত এগৰাকী দশম শ্ৰেণী ছাত্ৰীৰ লগত সংঘটিত হোৱা দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনাই উত্তাল কৰিছে ৰাজ্য। কলকাতাত এগৰাকী চিকিৎসকৰ সৈতে হোৱা যৌন নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত সমগ্ৰ দেশ উত্তাল হৈ থকাৰ মাজতে ধিঙত সংঘটিক হোৱা এই ঘটনাই এতিয়া ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।

আজি বটদ্ৰৱাত ধিং আৰু কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত শ শ মহিলাই এক প্ৰতিবাদী সমদল বাহিৰ কৰে। সন্ধিয়া উলিওৱা এই সমদলৰ অন্তত প্ৰতিবাদী মহিলাসকলে বটদ্ৰৱা আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰে।

প্ৰতিবাদৰ সময়ত মহিলাসকলে এই নাৰকীয় ঘটনাৰ উচিত তদন্ত কৰি দোষীৰ কঠোৰ শাস্তি দিয়া, নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী সমদলে সমগ্ৰ বটদ্ৰৱা পদব্ৰজে পদক্ষিণ কৰে।