বঢ়মপুৰত উপ-জিলা সদৰ কাৰ্যালয় স্থাপনৰ দাবীত বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ স্মৰাক পত্ৰ 
নগাঁও

বঢ়মপুৰত উপ-জিলা সদৰ কাৰ্যালয় স্থাপনৰ দাবীত বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ স্মৰাক পত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ বঢ়মপুৰঃ ৰাজ্যত বিধানসভা ভিত্তিত উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ ইচ্ছামতে সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

ৰাজ্যৰ অনান্য উপ-জিলাসমূহৰ সমান্তৰালকৈ বঢ়মপুৰ উপ-জিলাটো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উপ-জিলাখনৰ সদৰ কাৰ্যালয়টো সমষ্টিটোৰ মধ্যভাগত স্থাপন কৰাৰ বিপৰীতে সমষ্টিটোৰ সীমামূৰীয়া অঞ্চল কামপুৰ নাইবা কঠীয়াতলীত স্থাপন কৰিবলৈ লোৱা পদক্ষেপক সমষ্টিটোৰ গৰিষ্ঠসংখ্যক ৰাইজে সহজভাবে ল'ব পৰা নাই। এই সন্দৰ্ভত আজি উপ-জিলাৰ সদৰ কাৰ্য্যালয় সমষ্টিটোৰ মধ্যস্থল বঢ়মপুৰতে স্থাপনৰ দাবীত গঠন হোৱা সমষ্টিটোৰ বিভিন্ন নাগৰিক সভাসমূহৰ "কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতি"ৰ এটা সজাতি দলে পুৱাতে স্থানীয় বিধায়ক জিতু গোস্বামীক সাক্ষাৎ কৰি তেওঁক উপ-জিলাৰ গঠন সম্পৰ্কত পুৰণা শালনা, কঁঠালগুৰি, চামগুৰি, পুৰণিগুদাম, বামুণী, বৰবাৰী, চাপানালা আদিৰ জনসাধাৰণৰ কথা বিবেচনা কৰি বঢ়মপুৰতে উপ-জিলাৰ সদৰ কাৰ্য্যালয় স্থাপন কৰিবলৈ টানি অনুৰোধ কৰি সমগ্ৰ বিষয়টো সন্দৰ্ভত সঁজাতি দলটোৱে এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।

বিধায়কগৰাকীয়ে সমগ্ৰ বিষয়টো বিবেচনা কৰি চাব বুলি দলটোক আশ্বাস দিয়ে। ইফালে আজি সঁজাতি দলটোৱে নগাঁও জিলা সহকাৰী আয়ুক্ত জুতিকা কুমাৰীৰ জৰিয়তে উক্ত বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সজাতি দলটোত আছিল নাগৰিক সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ভৰত দাস, কাৰ্যকৰী সভাপতি ৰমেশ চন্দ্ৰ হাজৰিকা, যুটীয়া সম্পাদক ক্ৰমে প্ৰদীপ কুমাৰ শইকীয়া আৰু মৃদুল কলিতাকে প্ৰমুখ্যে কৰি সমিতিৰ বিষয়ববীয়া ক্ৰমে - দয়াৰাম কলিতা, মুকুল শইকীয়া, মৌচুমজ্যোতি বৰা, ৰাতুল ভূঞা, হীৰেন বৈৰাগী,অনিল ভূঞা, মুকুল চন্দ্ৰ বৰা, লীলা বৰা আৰু মণিকা হাজৰিকা।

স্মাৰক পত্ৰ প্ৰদান কৰি নাগৰিক সভাৰ সঁজাতি দলটোৱে কয় - "বিভিন্ন উৎসৰ পৰা জানিবলৈ পোৱা মতে বঢ়মপুৰ সমষ্টিৰ উপ-জিলাৰ সদৰ কাৰ্যালয় কামপুৰ নাইবা কঠীয়াতলীত স্থাপনৰ সিদ্ধান্তটো চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে। যিহেতু সমষ্টিটোৰ বৃহত্তৰ বঢ়মপুৰ অঞ্চল এখন ইতিহাস প্ৰসিদ্ধ ঠাই । ১৯৪২ ৰ গণ আন্দোলনৰ চাৰি ছহিদৰ স্মৃতি বিজড়িত এই বঢ়মপুৰত উপ-জিলাৰ সদৰ কাৰ্য্যালয় স্থাপন হোৱাটো সকলো সৰ্বস্তৰৰ ৰাইজে একেমুখে কামনা কৰিছে । গতিকে চৰকাৰৰ এটা ভুল সিদ্ধান্তই যদি জনতাক অসুবিধাৰ মাজলৈ ঠেলি দিয়ে তেন্তে এই সিদ্ধান্ত সৰ্বকালৰ বাবে ভুল বুলি বিবেচিত হ'ব। সেয়েহে চৰকাৰী পক্ষই জনতাৰ সুবিধাৰ বাবে সমষ্টিটোৰ মধ্যভাগ বঢ়মপুৰতে উপ-জিলাখনৰ সদৰ কাৰ্য্যালয়টো কৰিব লাগে।