নগাঁও

মথুৰাপুৰত থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ বজাৰঃ শুভাৰম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ শুকুৰবাৰৰ পৰা মথুৰাপুৰ ৰাঙলী চুক তিনিআলি আৰম্ভ হৈছে থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ এখনি গ্ৰাম্য সাপ্তাহিক বজাৰ৷ প্ৰত্যেক শুকুৰবাৰে এই বজাৰখনত উপলব্ধ হ'ব নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী ৷

থলুৱা কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্রী, যেনে- কচু, বিলাহী, লাও,বেঙেনা, লাই, লফা, ভেন্দি,কোমোৰা আদি বিভিন্ন শাক-পাচলি, আৰু হাঁহ-কুকুৰা, মাছ-মাংস ইত্যাদি উপলব্ধ হ'ব এই বজাৰখনত ৷ উল্লেখ যে, স্থানীয় উদ্যমী যুৱক বিতুৰাজমণি ফুকন আৰু সতীৰ্থসকলৰ প্ৰচেষ্টাত আজিৰে পৰা আৰম্ভ কৰা এই সাপ্তাহিক বজাখন শুভাৰম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয়, এই বজাৰখনে গ্ৰাম্য অৰ্থনৈতিক আৰু কৰ্মসংস্কৃতিৰ ক্ষেত্ৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই বজাৰখনে এক নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ কৃষকসকলে নিজস্বভাৱে উৎপাদিত সামগ্ৰী বজালৈ আনি বিক্ৰী কৰি স্বাৱলম্বিতা হোৱা লগতে উঠি অহা নতুন প্ৰজন্মক খেতি প্ৰতি ধাউতি বৃদ্ধি কৰিব বুল কয় ৷

স্থানীয় ৰাইজে এই সাপ্তাহিক বজাৰখন লাভ কৰি আনন্দিত হোৱাই নহয় গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰে । আনহাতে এনে ইতিবাচক বার্তাই এতিয়া মথুৰাপুৰ অঞ্চলত নতুনকৈ আৰম্ভ হোৱা বজাৰখনে অর্থনৈতিক সংগ্রামখনক এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে ৷