কঠীয়াতলীৰ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে স্থানীয় ৰাইজে... 
নগাঁও

কঠীয়াতলীৰ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে স্থানীয় ৰাইজে...

Asomiya Pratidin

ডিজিটেল সেৱা কঠীয়াতলী: সোমবাৰে নগাঁও জিলাৰ কঠীয়াতলীত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কঠীয়াতলীৰ স্থানীয় ব্যৱসায়ীসকলে। ঘাইপথত নিৰ্মিয়মান উৰণ সেতুৰ বাবেই কাষৰ দুয়োকাষে থকা উপপথ ব্যৱসায়ীসকলে বন্ধ কৰি দিয়ে।

স্থানীয় ব্যৱসায়ীসকলৰ ক্ষোভ উপপথ পকীকৰণ নকৰাকলৈ। তেওঁলোকৰ দাবী উপ পথছোৱা শীঘ্ৰে পকীকৰণ কৰা। এই পথছোৱা পকীকৰণ নকৰালৈকে উৰণ সেতুৰ নিৰ্মাণ কাম বন্ধ কৰি দিয়াৰো হুংকাৰ ব্যৱসায়ীসকলৰ।

উল্লেখ্য যে, কঠীয়াতলীত নতুন কৈ নিৰ্মাণ হৈ থকা উৰণসেতুখনৰ বাবে পথৰ কাষত যানজঁট আৰু ধুলিময় পৰিবেশৰ মাজত দিন পাৰ কৰিছে ব্যৱসায়ীসকলে। এই বিষয়ে ব্যৱসায়ীসকলে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিছে যদিও কোনো ফল নধৰাত এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

উৰণসেতুৰ আধৰুৱা কামক লৈ ৰাইজ উত্তেজিত হৈ পৰে যদিও ঘটনাস্থলিত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।