নগাঁও

বেবেজীয়াত দলীয় কৰ্মী সভাত অংশগ্ৰহণ নোমল মমিনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ বিধানসভাৰ উপাধ্যক্ষ তথা নগাঁও লোকসভাৰ প্ৰভাৰী নোমল মমিনৰ প্ৰচাৰ। শনিবাৰে নৱগঠিত ৰহা সমষ্টিৰ ডিমৌ-বেবেজীয়া-বাংঠাই গাওঁ পঞ্চায়তৰ বিৰহ বেবেজীয়াকে কেইবাখনো দলীয় তথা প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি লোকসভা সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰে। এইবাৰ নগাঁৱৰ লোকসভা সমষ্টিত ৮০% ভোট বিজেপিৰ পক্ষত এই দাবী কৰিলে নোমল মমিনে।

নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ জয় নিশ্চিত বুলি কৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰি ক'লে - প্ৰদ্যুৎ বৰদলৈৰ ভোটৰ প্ৰতি বহুত লোভ। নামাজ আদায় কৰি থকাৰ সময়তো মাইক্ৰ'ফোন কাঢ়ি লৈ ভাষণ দিয়া কাৰ্যই মুছলমান সমাজক অপমান কৰিছে। এইবাৰ নিৰ্বাচনত মুছলমানৰ ভোট এটাও লাভ নকৰে প্ৰদ্যুৎ বৰদলৈয়ে বুলিও মন্তব্য কৰে ।

পাঁচবছৰ সাংসদ হৈ থকাৰ সময়ত এটা দিনো প্ৰদ্যুৎ বৰদলৈয়ে ৰাইজৰ কাষলৈ নগ'ল। কি বানপানী কি ক'ভিড মহামাৰী কোনো বিপদতে ৰাইজৰ কাষত নাই প্ৰদ্যুৎ বৰদলৈ। সেয়ে নগাঁৱত এইবাৰ বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে ।