নগাঁও

উত্তৰ জাজৰি সমাজসেৱক পুথিভঁড়াল আৰু উদয়ণ যুৱক সংঘৰ উদ্যোগত শিশু সমাৰোহ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাজৰি উদয়ণ মইনা পাৰিজাতৰ ২৪ সংখ্যক বাৰ্ষিক দিৱস আৰু ড০ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে উত্তৰ জাজৰি সমাজসেৱক পুথিভঁড়াল আৰু উদয়ণ যুৱক সংঘৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে শিশু সমাৰোহ অনুষ্ঠিত হয়। বটদ্ৰৱাৰ সমীপৱৰ্তী উত্তৰ জাজৰি প্ৰথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত শিশু সমাৰোহত পুৱাৰে পৰা চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিয়লি ২ বজাত অকনিৰ মৌ মেল আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। কণমানি জোনাশ্ৰী কাকতিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত উপস্থিত থাকি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে "মইনা পাৰিজাতত কনকন শিশু সকলে সুন্দৰ সপোন দেখে। মই জন্মৰ ঠাইত ঘুৰি আহিছোঁ। এই অঞ্চল মোৰ অতি চিনাকী। আগন্তুক দিনত আপোনালোকে মোক আশীৰ্বাদ দিব।" বুলি ভাষন প্ৰদান কৰে।

আনহাতে নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি সাংবাদিক দিব্যজ্যোতি বৰুৱাই নিজৰ জাতীয় সংস্কৃতি আৰু ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ কণকণ শিশুসকলক আহ্বান জনাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ জাজৰি সমাজসেৱক পুথিভঁড়াল আৰু উদয়ন যুৱক সংঘৰ সভাপতি ৰথিন শইকীয়া, সম্পাদক প্ৰান্ত শইকীয়া, উদযাপন সমিতিৰ সভাপতি শৰৎ কাকতি, উপসভাপতি দিব্যজ্যোতি শইকীয়া পৱন শইকীয়া, সম্পাদক চান্তু শইকীয়া, অনন্ত বৰদলৈকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

বৰগীত, সমবেত সংগীত আদি বিভিন্ন সংস্কৃতিক কাৰ্য্যসূচীৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিত হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা, কনমানি অৰ্পণ দুৱৰা, কাব্যশ্ৰী শৰ্মা, মৰিগাঁও অবিচি বৰ্ডৰ চেয়াৰমেন শিৱাজী ডেকাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰে। নিশা শিশু নাট "নাটকৰ মাজৰ নাটক", "অসমীয়া জাতিৰ অস্তিত্ব" আৰু দীনেশ কাকতিৰ পৰিচালনাৰে "মৰমৰ সদাগৰ" শীৰ্ষক সামাজিক নাটক পৰিবেশন কৰা হ'ব।