নগাঁও

শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ যুৱকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বেঙেনাআটিত শিহৰণকাৰী ঘটনা। ঘৰৰ ভিতৰতে মঙলবাৰে নিশা অগ্নিদগ্ধ হৈ এজন যুৱকৰ মৃত্যু। যুৱকজনৰ নাম পাপু হীৰা (২৭) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কালি নিশা প্ৰায় এক বজাত সংঘটিত হয় এই ঘটনা । পাপু নামৰ যুৱক জনে নিশা বিচনাত শুই থকা অৱস্থাতে বাসগৃহত জুই লাগি অগ্নিদগ্ধ হৈ কৰুন মৃত্যুক সাৱতি লয় ।

নিশা বাসগৃহটিত জুই লগাত চুবুৰীয়াই জুই অতি তৎপৰতাৰে নিৰ্বাপন কৰে যদিও যুবকজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলে । জুই নিৰ্বাপন কৰি চুবুৰীয়া ঘৰৰ কোঠাত প্ৰবেশ কৰাৰ পিছত পাপু হীৰাক বিচনাৰ ওপৰত অগ্নিদগ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ কৰে ।

হকাৰ হিচাপে কাম কৰা পাপু হীৰাই অকলে বাস কৰিছিল । পৰিয়ালত দ্বিতীয়জন সদস্য নাই। এই ঘটনাই বৰ্তমান নগাঁৱত আলোৰনৰ সৃষ্টি কৰিছে । স্থানীয় লোকে এই ঘটনাক হত্যা কাণ্ড বুলি সন্দেহ কৰিছে ।