কন্দলীত বন্যহস্তীৰ উপদ্ৰৱ: চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড... 
নগাঁও

কন্দলীত বন্যহস্তীৰ উপদ্ৰৱ: চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী বনাঞ্চলিক কাৰ্য্যালয়ৰ এলেকাধীন বৃহত্তৰ কন্দলী অঞ্চলত হাতী-মানুহৰ সংঘাতে সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিগত এমাহ ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহত নিশা হ'লেই বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি গঞাৰ নিদ্ৰাহৰণ কৰাৰ লগতে অঞ্চলটোৰ বাসিন্দাসকলৰ বাসগৃহ ভাঙি তচনচ কৰি আহিছে।

ফলত বৃহত্তৰ অঞ্চলটোৰ গঞাৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। দিন- হাজিৰা কৰা একাংশই এতিয়া হাতত যাঠি, জোং, ব'ম- ফটকাৰে প্ৰতিনিশা হাতী খেদাত ব্যস্ত হ'ব লগা হৈছে। বনবিভাগেও হাতী খেদাত ব্যৰ্থ হৈছে যদিও ৰাইজৰ সহযোগত যৎপৰোনাস্তি প্ৰচেষ্টা দিনে-নিশাই অব্যাহত ৰাখিছে।

জানিব পৰা মতে, কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে শেহতীয়াকৈ কন্দলী নৱৰূপা গাঁৱত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছে। আজিৰ পৰা ৩ দিন ধৰি হাতীটোৱে নৱৰূপা গাঁৱৰ মুঠ ৪ টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ খবৰ পোৱা গৈছে।

ইয়াৰ ভিতৰত আজিৰ পৰা তিনিদিন পূৰ্বে হাতীটোৱে নৱৰূপা গাঁৱৰ নিৰণ বসুমতাৰীৰ ভঁৰাল আৰু বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। পৰহি নিশা উক্ত অঞ্চলৰেই পিংকু গগৈ আৰু জোনাৰাম গগৈৰ বাসগৃহ সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰাৰ সমান্তৰালকৈ যোৱা পুৱতি নিশালৈকে হাতীটোৱে সন্ত্ৰাস চলাই অঞ্চলটোৰ সন্দেহ খাকলাৰী নামৰ লোকজনৰ ঘৰ ভাঙি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি ৰাখে।

এই বাতৰি লিখা পৰ্যন্ত বনৰীয়া হাতীটোৱে ছোটকন্দলী অঞ্চলত অৱস্থান কৰি আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কৃষিপ্ৰধান অঞ্চলটোৰ গৰিষ্ঠসংখ্যক লোকেই খেতি আৰু দিন-হাজিৰা কৰি কোনোমতে নিজ-নিজ পৰিয়াল পোহপাল দি আছে ।

তেনেস্থলত বনৰীয়া হাতীয়ে এনেদৰে উপদ্ৰৱ চলাই নিজৰ আপোন ঘৰখন সন্মুখতে ভাঙি চুৰমাৰ কৰা প্ৰত্যক্ষ কৰি পৰিয়ালকেইটাই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে। স্থানীয় ৰাইজে বনবিভাগ আৰু চৰকাৰক অতিশীঘ্ৰে পৰিয়ালকেইটালৈ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ আহ্বান জনোৱাৰ লগতে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।