নগাঁও

বটদ্ৰৱাত সমূহীয়া বিবাহ কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উদুলি-মুদুলি ঐতিহ্যমণ্ডিত কুজি সত্ৰৰ কৈৱৰ্ত্ত গাঁও। গাঁওখন মুখৰিত হৈছে আয়তিৰ উৰুলি আৰু মংগলিক ধ্বনিৰে। অঞ্চলটোৰ ২০যোৰা দৰা-কইনাৰ মাজত সমূহীয়াভাৱে সম্পাদন কৰা হৈছে গন্ধৰ্ব বিবাহ। এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে কুজিসত্ৰৰ কৈৱৰ্ত্ত গাঁৱৰ ৰাইজে।

গাঁওখনৰ বৰ নামঘৰত অনুষ্ঠিত সমূহীয়া বিবাহ কাৰ্যসূচীত কুজিসত্ৰ একশৰণ ভাগৱতী সমাজৰ সৌজন্যত অংশগ্ৰহণ কৰে স্থানীয় শুভাকাংক্ষী ৰাইজে। উল্লেখযোগ্য যে ঘৰুৱা আৰ্থিক অনাটনৰ বাবে ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰিব নোৱৰা সকলক এইদৰে দৰা-কইনা সজাই মাহ-হালধিৰে নোৱাই-ধোৱাই অনুষ্ঠিত কৰা হৈছে এই সমূহীয়া বিবাহ কাৰ্যসূচী।