নগাঁও

কলিয়াবৰৰ দেওচুৰৰ ৰাজপথত ভয়াৱহ অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ মহকুমাৰ দেওচুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে নিশা প্ৰায় ৯-৪৫ বজাত এখন কন্টেনাৰ ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে কন্টেনাৰ বাহনখন।

জানিব পৰামতে,নগাঁৱৰ পৰা যোৰহাট অভিমুখী খালী কন্টেনাৰখনৰ বেটাৰী ব্লাষ্ট হোৱাৰ ফলতেই গাড়ীখন দাওদাওকৈ জ্বলি উঠে। ঘটনাস্থলীত উপস্থিত বাগৰি থানাৰ আৰক্ষীৰ লগতে কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল।

অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই যদিও সেই সময়লৈ জুয়ে বাহনখনৰ বিস্তৰ ক্ষতি সাধন কৰে। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে কন্টেনাৰখনৰ চালক আৰু হেণ্ডিমেনৰ।