নগাঁও

কঠীয়াতলিত পৰিভ্ৰমী পক্ষীৰ জলকেলি

Asomiya Pratidin

ডিজিটেল সেৱা,কঠীয়াতলী : শীতৰ আগমনত এতিয়া বিদেশী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে নগাঁও জিলাৰ কঠীয়াতলিৰ মাজমজিয়াত অৱস্থিত ৰজাদিনীয়া বৰপুখুৰী। ঐতিহাসিক পুখুৰীটোত বিচৰণ কৰা জাক জাক পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল।

শীতৰ লগে লগে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা এই পৰিভ্ৰমী পক্ষীৰ জলকেলিৰ দৃশ্য মনোমোহা হৈ পৰিছে। পুৱাৰে পৰা পৰিভ্ৰমী চৰাই শৰালি হাহঁ, শামুক ভঙা, পানী কাউৰী আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰে ভৰি পৰিছে বৰপুখুৰী।

পুৱাৰ ভাগত আহা জাক জাক শৰালি হাঁহ বৰপুখুৰীটোতে জিৰণি লৈ আবেলি উভতি যোৱা দৃশ্য অতি নান্দনিক হৈ পৰে। হাজাৰ বিজাৰ পক্ষীৰ বিচৰণস্থলী এই ৰজাদিনীয়া বৰপুখুৰীটোত এচাম দুষ্ট প্ৰকৃতি লোকে এই চৰাই জাকৰ ওপৰত বিভিন্ন উপায়েৰে ধংসযজ্ঞ অব্যাহত ৰাখিছে।

একাংশ সচেতন ৰাইজে পৰিভ্ৰমী চৰাইজাকৰ নিৰাপত্তাৰ বাবে বৰপুখুৰীটোৰ দ্বায়িত্বত থকা কঠীয়াতলী উদ্যান সমিতিক সঠিক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে।