নগাঁও

হোজাইত বানাক্ৰান্ত ৰাইজৰ কাষত মন্ত্ৰী পীযুষ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কপিলী নৈয়ে সৃষ্টি কৰা বানপানীৰ ফলত নানা সমস্যাৰ সন্মুখীন হৈছে হোজাই জিলাৰ ৰায়কাটা, দীঘলবাৰী, বিষ্ণুপুৰ আদি অঞ্চলৰ ৰাইজ। দেওবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই।

মন্ত্ৰী হাজৰিকাই অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবলৈ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বিষয়ে উল্লেখ কৰে। লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ অভিযন্তা-বিষয়াসকলক স্থানীয় বিধায়ক তথা জিলা আয়ুক্তৰ সহযোগত মথাউৰি নিৰ্মাণৰ ক্ষেত্রত ল'বলগীয়া প্ৰাৰম্ভিক পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।

পৰিদৰ্শন কালত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে, মথাউৰি নিৰ্মাণৰ বাবে বিগত বৰ্ষতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল। অৱশ্যে কিছু কাৰিকৰী অসুবিধাৰ বাবে নিৰ্মাণকাৰ্য সম্ভৱ হোৱা নাছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে তেঁও উল্লেখ কৰে যে আই আই টি, গুৱাহাটীক এই সমস্যাৰ বিষয়ে অধ্যয়ন কৰিবলৈ দিয়া হৈছিল। তেওঁলোকে কিছুদিন পূৰ্বে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। সেই অনুসৰি নৱেম্বৰ মাহৰ পৰা ইয়াত মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি তেঁও জানিবলৈ দিয়ে।

মন্ত্ৰী হাজৰিকাই আশা প্ৰকাশ কৰি কয়- মই আশাবাদী যে এই মথাউৰি নিৰ্মাণৰ পাছত হোজাই জিলাখন বানমুক্ত হ'ব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পৰিদৰ্শন কালত মন্ত্ৰী হাজৰিকাৰ সৈতে স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক উপস্থিত থাকে।

লগতে জিলা বিজেপিৰ সভাপতি প্ৰমুখ্যে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ আন অভিযন্তা-বিষয়াসকল উপস্থিত থাকে।