নগাঁও

মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ মিছা সেনা শিবিৰ চৌহদত অৱস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত বুধবাৰে ককা-আইতা দিৱসৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ প্ৰাথমিক বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ককা-আইতাই কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰে।

এই উপলক্ষে বিদ্যালয়ত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত ককা-আইতাসকলে নিজৰ শৈশৱৰ দিন স্মৰণ কৰিবলৈ বিদ্যালয়ৰ উদ্যোগত শিশু খেল লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক তিলক লগাই আৰু মালা পিন্ধাই আদৰণি জনাই বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে।

বিদ্যালয়ৰ অধ্যক্ষ প্ৰবীণ কুমাৰ শৰ্মাই বিদ্যালয়লৈ অহা সকলো ককা-আইতাকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সকলোকে সম্বোধন কৰি কয় যে, ককা-আইতাসকলৰ বাবে আয়োজিত দিনটোৱে আমাক দুটা প্ৰজন্মৰ সৈতে সমন্বয় স্থাপন কৰাৰ সুযোগ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি তেওঁ কয় যে আমি আমাৰ বয়োজ্যেষ্ঠসকলক সদায় সন্মান কৰা উচিত।

প্ৰধান শিক্ষক মনোজ কুমাৰে সকলো ছাত্ৰ-ছাত্ৰীক ঘৰৰ সৰু সৰু কামত ককা-আইতাকসকলক সহায় কৰিবলৈ আহ্বান জনায়। সহ-শৈক্ষিক কাৰ্যকলাপৰ দায়িত্বত থকা আব্দুল ইৰছাদৰ লগতে শিক্ষক চমন চৌধুৰী,মহেন্দ্ৰ কুমাৰ, মহেশ তোমাৰ, দৰ্শন সিঙে সকলো কাৰ্যসূচীৰ ব্যৱস্থাপনা কৰে। সঞ্চিতা জ্যোতি বৰষাৰ নেতৃত্বত প্ৰস্তুত কৰা বালৱতিকা ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক উপস্থাপনে সকলোকে মোহিত কৰে।